Erosion of Brahmaputra: ডিব্ৰুগড়ৰ কয়লাঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ - ব্ৰহ্মপুত্ৰৰ খহনীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18097457-thumbnail-16x9-dibnew.jpg)
ডিব্ৰুগড়, 27 মাৰ্চ : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ডিব্ৰুগড়ৰ কয়লাঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অংশ পৰিদৰ্শন কৰে (erosion of Brahmaputra in Dibrugarh) । কিছুদিন পূৰ্বে অঞ্চলটোত প্ৰায় ২২০ মিটাৰ দৈঘ্যৰ অংশত খহনীয়াৰ সৃষ্টি হোৱাত নগৰখনলৈ ভাবুকি কঢ়িয়াই আনিছিল । সেই সময়ত জলসম্পদ বিভাগে ক্ষীপ্ৰতাৰে জিঅ'বেগ আৰু পাৰ্কুপাইন ব্যৱহাৰেৰে এই খহনীয়া প্ৰতিৰোধ কৰিছিল ।
আজি মন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময়তো বিভাগীয়ভাৱে খহনীয়া ৰোধৰ কাম পূৰ্ণগতিত চলি আছিল । আজি এই স্থানত বিধায়ক প্ৰশান্ত ফুকনক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকাই উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে (Pijush Hazarika inspects erosion of Brahmaputra) ।
ডিব্ৰুগড় চহৰখনক যিকোনো উপায়েৰে ৰক্ষা কৰিবলৈ খহনীয়াগ্ৰস্ত এই স্থানৰ লগতে প্ৰায় আধা কিলোমিটাৰ অংশত পাৰ্কুপাইন দি ভালকৈ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰী হাজৰীকাই নিৰ্দেশ দিয়ে । এই অংশত খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আৰু সুপৰিকল্পিত আঁচনিৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক আহ্বান জনায় (erosion of Brahmaputra) ।
লগতে পঢ়ক : Assam Rhino killing incident: আকৌ গঁড়ৰ চোৰাং চিকাৰ; বাগৰিত খৰ্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ