thumbnail

APSC Assamese paper controversy : APSCত অসমীয়া ভাষা প্ৰসংগত মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া

By

Published : Oct 25, 2022, 10:35 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাত অসমীয়া বিষয়ৰ যোগ্যতা অর্জনকাৰী ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে(APSC assamese paper Controversy) । চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাৰ বিকাশ আৰু উত্তৰণত অধিক মনোনিৱেশ কৰিবলৈ দল-সংগঠনে দাবী জনোৱা সময়তে এই সম্পৰ্কত মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজহ মন্ত্ৰী যোগেন মহনৰ । APSC ৰ পৰা অসমীয়া ভাষা আঁতৰোৱাক লৈ বিষয়টো পুনৰ চৰকাৰে চিন্তা কৰিব । APSC সংস্কাৰ কৰাৰ বাবে আলোচনা চলিছে যদিও কোনো সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই । এই ক্ষেত্ৰত চৰকাৰে সকলো বিষয় পুনৰ বিবেচনা কৰিব, কিয়নো আঞ্চলিক ভাষা জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলিও কয় মন্ত্ৰী যোগেন মহনে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.