77th Independence day: আলফা (স্বা) আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান মন্ত্ৰী যোগেন মহনৰ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 14 আগষ্ট: দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে মৰাণ পৌৰসভাৰ উদ্যোগত আয়োজিত 'মেৰা মাটি মেৰা দেশ' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে । ইয়াৰ অংশ হিচাপে মন্ত্ৰীজনে মৰাণ পৌৰসভা কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা বীৰ শ্বহীদৰ স্মাৰক ফলক উন্মোচন কৰে ৷ দেশৰ বাবে প্ৰাণ আহুতি দিয়া মৰাণ বিষ্ণুপুৰৰ জয়ন্ত দিহিঙীয়াৰ স্মাৰক উন্মোচন কৰি মন্ত্ৰী যোগেন মহনে শ্বহীদগৰাকীৰ পৰিয়ালক সম্বৰ্দ্ধনা জনায় ৷
ইয়াৰ পাছতে পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে । আনহাতে আলফা (স্বাঃ)কে ধৰি কেইবাটাও নিষিদ্ধ ঘোষিত সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱা সম্পৰ্কত মন্ত্ৰী যোগেন মহনে কয় যে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আলোচনাত বহিবলৈ আহ্বান জনাইছে । মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোক আলোচনাৰ মেজলৈ আহিব বুলি আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে ৷
লগতে পঢ়ক: 77th independence day : কোন মন্ত্ৰীয়ে, ক’ত তুলিব স্বাধীনতা দিৱসৰ পতাকা ?