thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 10:38 PM IST

ETV Bharat / Videos

Jayanta Malla Baruah : আজমলে মিছা কথা কোৱা নাই : জয়ন্ত মল্ল বৰুৱা

আমিনগাঁও, 4 নৱেম্বৰ : তিনিদিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হ’ব বুলি বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ মন্ত্ৰীজনে কয় যে, কোনো মিছা কথা কোৱা নাই আজমলে ৷ খিলঞ্জীয়া অসমীয়াৰ কৰ্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহ নথকাৰ বাবে আজমলে এনে মন্তব্য কৰিবলৈ সাহস পাইছে বুলি কয় তেওঁ ৷ 

মন্ত্ৰীজনে কয় যে, নিজকে লাচিত বৰফুকনৰ বংশধৰ বুলি দম্ভালি মাৰিলে নহ’ব, হাতে কামে কৰিব লাগিব ৷ তেওঁ কয় যে, আশী, নব্বৈ দশকত একাংশ দল-সংগঠনৰ ভুলৰ বাবে আজি কৰ্মহীন হৈছে স্বাভিমানী অসমীয়া জাতি ৷ সেয়েহে এই জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ সাহস কৰিছে আজমলৰ নিচিনা লোকে ৷ কামৰূপৰ বাইহাটা চাৰিআলিত মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত অংশগ্ৰহণ কৰি এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

লগতে পঢ়ক : Minister Pijush Hazarika : অসমীয়া মানুহৰ ভোটহে লাগে : পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.