thumbnail

By

Published : Dec 14, 2022, 9:55 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Gamocha gets GI tag: দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাতে গামোচাই লাভ কৰিলে স্বীকৃতি: মন্ত্ৰী বিমল বড়া

‘‘অসমীয়া শিপিনীৰ হাতত যাদু আছে’’৷ মহামানৱ মহাত্মা গান্ধীয়ে তাহানিতে প্ৰশংসাৰে উপচাই যোৱা বাক্যশাৰীয়ে যেন পূৰ্ণতা পালে (Mahatma Gandhi about Assamese weavers) । ভাৰত চৰকাৰে অসমীয়া গামোচাখনক GI TAG প্ৰদান কৰাৰ পাছতেই থলুৱা শিপিনীসকলৰ লগতে সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈ পৰিছে (Assamese Gamocha gets GI tag)। অসমৰ তাঁতশালৰ এই সোনালী দিনটোত আনন্দ প্ৰকাশ কৰি ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora)। অসমৰ স্বাভিমান ফুলাম গামোচাখনক কান্ধত লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ গৰাকীয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গামোচাখনৰ প্ৰতি যিধৰণৰ আদৰ সন্মান আগবঢ়ালে তাৰেই ফলস্বৰূপে আজি অসমীয়া গামোচাই GI TAG লাভ কৰিবলৈ সক্ষম হ'ল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । টিংখাঙৰ পিঠাগুটিত বুধবাৰে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী বিমল বড়াই ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.