Minister Bimal Borah: হার্টথ্ৰব জুবিন গাৰ্গৰ অসুস্থতাক লৈ উদ্বেগ প্ৰকাশ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:23 PM IST

thumbnail

ডিব্ৰুগড়, 9 নৱেম্বৰ : হার্টথ্ৰব জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰা খবৰে লাখ লাখ অনুৰাগীক চিন্তিত কৰি তুলিছে । বুধবাৰে জুবিন গাৰ্গ অসুস্থ হৈ পৰাত তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । প্ৰিয় শিল্পীজন সুস্থ হৈ উঠক তাৰে কামনা কৰিছে অসমৰ ৰাইজে ।

হার্টথ্ৰব জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰাত উদ্বেগ প্ৰকাশ কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । সমষ্টি টিংখাঙত থকা বাবে জুবিনৰ কাষলৈ যাব পৰা নাই বুলি সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে কয়- ‘পুৱা জুবিনৰ অসুস্থতাৰ খবৰ পোৱাৰ পাছতেই সাংস্কৃতিক বিভাগৰ দুজনকৈ শীৰ্ষ বিষয়া কল্যাণ চক্ৰৱৰ্তী আৰু অশোক বৰ্মনক জুবিনৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ নিদেৰ্শ দিছো । চিকিৎসকে বিশেষ চিন্তাৰ কাৰণ নাই বুলি বিষয়াসকলক জনাইছে বুলি জানিবলৈ দিছে সাংস্কৃতিক মন্ত্ৰীজনে ।

লগতে পঢ়ক : Zubeen Garg in Morigaon : আলফা(স্বা)ই বিহা মৃত্যুদণ্ড সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.