Karam Puja celebration: নাচনীৰ সৈতে মাদলৰ ছেৱে ছেৱে ঝুমুৰৰ তালত তাল মিলালে মন্ত্ৰী অতুল বৰাই

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 2:14 PM IST

thumbnail

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : চাহ বাগানীয়া যুৱকৰ ৰূপত এইবাৰ মন্ত্ৰী অতুল বৰা ৷ দেওবাৰে চাহ জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে কৰম পূজা ৷ বোকাখাতৰ ৰঙামাটি চাহ বাগিচাত শ্ৰমিকৰ কৰম পূজাত অংশগ্ৰহণৰ হকে উপস্থিত হয় মন্ত্ৰী অতুল বৰা ৷

আনকি মন্ত্ৰীগৰাকীয়ে বাগিচৰ লোকসকলক কৰম পূজাৰ শুভেচ্ছাও জ্ঞাপন কৰে ৷ তাৰ পাচতে মাদলৰ ছেৱে ছেৱে চাহ জনগোষ্ঠীয় যুৱতীৰ লগত ঝুমুৰ নাচিলে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীক কাষতে পাই আনন্দিত হৈ পৰে ৰঙামাটি চাহ বাগিচাত চাহ শ্ৰমিকসকলো ৷

আনহাতে, মৰিয়নীৰ কাটনিবাৰী চাহ বাগিচাত সোমবাৰে নিশা মাদল বজাই ঝুমুৰ নৃত্য কৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ বাদ পৰি ৰোৱা নাই মন্ত্ৰী পীযুজ হাজৰীকাও ৷ ডুমডুমা চাহ বাগিচাত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰম পূজাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুজ হাজৰীকা ৷ মন্ত্ৰী হাজৰীকাই কৰম পূজাত অংশগ্ৰহণ কৰি চাহ শ্ৰমিকৰ সৈতে ঝুমুৰ নাচি ৰং-ৰহইচ কৰা দেখিবলৈ পোৱা গ’ল ৷

লগতে পঢ়ক : Karam Puja celebration:মাদল বজাই ঝুমৰ নৃত্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.