Wild Elephant at Kaliabor : বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ কলিয়াবৰৰ হাতীগাঁওবাসী

🎬 Watch Now: Feature Video

thumbnail

কলিয়াবৰ , 22 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Men Elephant conflict in Assam) ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ কলিয়াবৰতো অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ সোমবাৰে নিশা কলিয়াবৰৰ হাতীগাঁৱৰ ১ নং লাইনত বন্যহস্তীয়ে চলালে উপদ্ৰৱ । ভাঙি লণ্ড ভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ । হাতীগাঁও বাগিচাৰ ১ নং লাইনৰ ৰাধিকা মূৰা, মফিজা খাতুন আৰু ১৭ নং লাইনৰ আথনাচ লাক্ৰাৰ গৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে অনিষ্ট কৰে পৰিয়ালটোৰ সা-সম্পত্তিৰ ।

আনহাতে, শিলঘাটৰ তিমনাবস্তিতো এটা ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে বনৰীয়া হাতীয়ে । হাতীৰ উপদ্ৰৱত এতিয়া নিদ্ৰাহৰণ হোৱা পৰিলক্ষিত হৈছে গঞা ৰাইজৰ । ঘৰ-দুৱাৰ, সা-সম্পত্তি ভগাৰ সমান্তৰালভাৱে খোৱা খাদ্যও বনৰীয়া হাতীৰ জাকটোৱে নষ্ট কৰি পেলাই বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে ৷ অৱশ্যে বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ সময়ছোৱাত ঘৰত কোনো লোক নাছিল বাবে কাৰো কোনো ধৰণৰ হানি-বিঘিনি ঘটা নাই (Men Elephant conflict in Kaliabor) ৷

ইয়াৰোপৰি, ক্ৰমাগতভাৱে ৰাজ্যত বৃদ্ধি হৈ অহা হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে বনবিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভুক্তভোগী ৰাইজে । কেৱল ঘৰ-দুৱাৰ ভগাই নহয়, বহু সংখ্যক নিৰীহ লোক হাতীৰ আক্ৰমণত মৃত্যু মুখত পৰিছে ৷ কিন্তু ইয়াৰ পিছতো তৎপৰতাৰে এই গুৰুতৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসু কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৰাজ্যৰ বন বিভাগে ৷ 

কলিয়াবৰত ভয়ানকভাৱে বৃদ্ধি হোৱা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত মৌ পালনৰে বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ণ্ৰণ কৰা হ’ব বুলি আলোচনা হৈছিল । বৰ্তমানৰ অসম চৰকাৰৰ মুখ‍্য সচিবগৰাকী কেন্দ্ৰীয় মৌ ব’ৰ্ডৰ অধ‍্যক্ষ হৈ থাকোতেই উচ্চ পৰ্য‍ায়ৰ বিষয়াৰে অনুষ্ঠিত হৈছিল এই আলোচনা ৷ অৱশ্যে দুৰ্ভাগ্যজনক বিষয় যে, উক্ত আলোচনাৰ সিদ্ধান্তই আজি পৰ্যন্ত নাপালে কাৰ্যকৰী ৰূপ ৷ 

লগতে পঢ়ক : Attack on Junior Doctor in Dibrugarh: কনিষ্ঠ চিকিৎসকক নিজ ঘৰতেই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.