বেশ মিস্ত্ৰীৰ উদ্দেশ্য ডকাইতিৰ; আৰক্ষীৰ জালত কোকৰাঝাৰৰ তপন চক্ৰৱৰ্তীৰ হত্যাকাৰী শম্ভূ - কোকৰাঝাৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 6:59 PM IST

কোকৰাঝাৰ, ১ ডিচেম্বৰ: কোকৰাঝাৰৰ চাঞ্চল্যকৰ তথা নৃশংস হত্যাকাণ্ডৰে জড়িত হত্যাকাৰীক অৱশেষত আটক কৰিবলৈ সক্ষম হ’ল আৰক্ষী ৷ পশ্চিমবংগৰ কোচবিহাৰৰ পৰা অভিযুক্ত হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীলক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে ৷ কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কালি বিয়লি পশ্চিমবংগৰ কটোৱালী থানাৰ অন্তৰ্গত কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীলক । 

উল্লেখ্য যে, অভিযুক্ত শম্ভূ কাহাৰ ওৰফে শীলে কোকৰাঝাৰ চহৰৰ বিধানপল্লীৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা ডি এন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জীক (৬৫) ক যোৱা ২৯ নৱেম্বৰৰ পুৱা চোকা অস্ত্ৰৰে নিজ ঘৰতে আক্ৰমণ কৰিছিল ৷ ইয়াৰ ফলত ডিঙিত গুৰুতৰ আঘাত পোৱা তপন চক্ৰৱৰ্তীৰ মৃত্যু ঘটে । মৃত তপন চক্ৰৱৰ্তীৰ পত্নী মধুমিতা বেনাৰ্জী বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

আৰক্ষীয়ে ঘটনাৰ দিনাই হত্যাকাণ্ডত ব্যৱহৃত হোৱা দাখন উদ্ধাৰ কৰিছিল আৰু হত্যাকাৰীক আটক কৰিবলৈ তীব্ৰ অভিযান চলাইছিল । অৱশেষত ঘটনাৰ ৪৮ ঘণ্টাৰ ভিতৰতে হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীলক পশ্চিমবংগৰ কোচবিহাৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত হত্যাকাৰী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে । অধিক তথ্যৰ সন্ধানত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইপিনে কোকৰাঝাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেল সম্বোধন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই সদৰী কৰে, ডকাইতিৰ উদ্দেশ্যৰে জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল । ধন-সোণ লুট কৰাৰ পৰিকল্পনা আছিল অভিযুক্তৰ । হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীল মৃত তপন চক্ৰৱৰ্তীৰ সৈতে পৰিচিত আছিল ৷ দুয়োৰে মাজত মোবাইলত কথা বতৰা হোৱাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে ৷

উল্লেখ্য যে, পশ্চিমবংগৰ কটোৱালী থানাতো অভিযুক্ত হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীলৰ বিৰুদ্ধে ৰুজু হৈ আছে কেবাটাও গোচৰ । কোকৰাঝাৰতো চুৰি-ডকাইতিৰ সৈতে জড়িত থকাৰ সম্ভেদ লাভ কৰা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰে । তদন্তৰ স্বাৰ্থত সকলো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে তেওঁ ।

লগতে পঢ়ক : এটা ক্ৰিমিনেল মাইণ্ড! টাৰ্গেট হ’ল অৱসৰপ্ৰাপ্ত দম্পতী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.