thumbnail

By

Published : Jun 15, 2023, 11:12 AM IST

ETV Bharat / Videos

Massive fire broke out:নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, ৭টাকৈ বাসগৃহ ভস্মীভূত

নগাঁও, 15 জুন : নগাঁৱৰ হৰিজন কলনীৰ আৰ কে ৰোডত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । সবিতা দাস নামৰ এগৰাকী মহিলাৰ ঘৰত প্ৰথমে সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ । পৰৱৰ্তী সময়ত জুইৰ লেলিহান শিখাই ছানি ধৰে কেইবাটাও বাসগৃহ । লগে লগে সমগ্ৰ এলেকাটোতে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ।

অগ্নিকাণ্ডটোৰ ফলত জ্বলি ছাই হৈ যায় ৭ টাকৈ বাসগৃহ । বৰ্তমানলৈকে অগ্নিকাণ্ডটোৰ উৎস জানিব পৰা হোৱা নাই । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, সবিতা দাস প্ৰয়াত দুৰ্গা দাস নামৰ এজন ব্যক্তিৰ ঘৰত ঘৰত ভাৰাতীয়া হিচাপে আছিল । সবিতা দাসে নগাঁও সদৰ থানাৰ সন্মুখত চাহ আৰু পান তামোলৰ দোকান দিয়ে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Guwahati serial rape case : চিকিৎসক দম্পতীৰ নৃশংস ৰূপ, দুই শিশুক চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.