আৰু হঠাতেই হাতৰ মুঠিৰ সকলো হেৰাই এনেকৈয়ে ! প্ৰয়োজন সাৱধানতাৰ - ফটকাৰ বাবেই এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-11-2023/640-480-20089883-thumbnail-16x9-fire-incident.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 22, 2023, 9:35 PM IST
কামৰূপ, 22 নৱেম্বৰ : কামৰূপ জিলা সদৰ আমিনগাঁৱৰ মধুপট্টিত বুধবাৰে দিনৰ ১ মান বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ক্ষণিক সময়তে জুইৰ লেলিহান শিখাই এফালৰ পৰা এটা এটাকৈ প্ৰায় ২৫ টাৰো অধিক বাসগৃহ পুৰি ছাৰখাৰ কৰি পেলায় । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত অগ্নি নিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন আহি ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও তেতিয়ালৈ বাসগৃহসমূহ পুৰি নিশ্চিহ্ন হৈ যায় ।
ঘটনাস্থলীত কামৰূপ জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰাৰ তদাৰক কৰে । ফটকাৰ বাবেই এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আমিনগাঁৱৰ গাঁও প্ৰধানে । আমিনগাঁও আৰক্ষী চকীৰ সমীপৰ মধুপত্তিত সংঘটিত হোৱা এই অগ্নিকাণ্ডত পৰিয়ালসমূহৰ বাসগৃহসমূহ জুইত জাহ যোৱাৰ লগতে কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷
এটা পৰিয়ালে ট্ৰাংকত সাঁচি ৰখা নগদ পাঁচ লাখ টকা জুইত জাহ যায় । ইফালে নিজৰ সপোনৰ ঘৰখন হেৰুৱায় পৰিয়ালসমূহ কান্দোনত ভাগি পৰা দৃশ্যই উপস্থিত সকলোকে আৱেগিক কৰি তোলে ।
লগতে পঢ়ক : Massive fire breaks out:বিধ্বংসী অগ্নিকাণ্ড, একো বচাবলৈ নাপালে গৃহস্থই