thumbnail

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 9:02 AM IST

ETV Bharat / Videos

শিলচৰৰ কনকপুৰত অগ্নিকাণ্ডত পাঁচটা বাসগৃহ ভস্মীভূত

শিলচৰ, ২৪ ডিচেম্বৰ: দেওবাৰে পুৱতি নিশা শিলচৰৰ কনকপুৰত সংঘটিত হ'ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় ৫টাকৈ বাসগৃহসহ এখন দোকান । পুৱতি নিশা স্থানীয় চালেহ উদ্দিন নামৰ এজন লোকৰ ভাড়াঘৰত এই জুইৰ সূত্ৰপাত ঘটে । মুহূৰ্ততে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চলটো । স্থানীয় ৰাইজে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও বিফল হয় । ফলত চালেহ উদ্দিন নামৰ লোকজনৰ পাঁচটা ভাড়াঘৰ মুহূৰ্ততে ভস্মীভূত হয় । এই ঘটনাত কাষতে থকা পাৰুল আহমেদ নামৰ এজন লোকৰ এখন ফাৰ্নিচাৰৰ দোকানো জাহ যায় ।  

এই অগ্নিকাণ্ডত বিভিন্ন নথিপত্ৰসহ সকলো সা-সামগ্ৰী ভস্মীভূত হয় । অগ্নিকাণ্ডত ১৫ লাখ টকাৰ সা-সম্পত্তি ক্ষতি হৈছে । বৈদ্যুতিক শ্বর্ট চার্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে । ইপিনে, অগ্নিনিৰ্বাপক বাহিনী পলমকৈ অহা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:ভাৰত অভিমুখী ৰাসায়নিক সামগ্ৰীৰ টেংকাৰত ইৰাণে আক্ৰমণ কৰাৰ দাবী আমেৰিকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.