ৰাসৰ বাবে মুখা বনোৱাত ব্যস্ত চামগুৰি সত্ৰৰ মুখাশিল্পী - Mukha Shilpa of Majuli
🎬 Watch Now: Feature Video
Published : Nov 17, 2023, 7:29 PM IST
মাজুলী,১৭ নৱেম্বৰ: শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটিমান দিন । ৰাস বুলি কলেই পোন প্ৰথমে মনলৈ আহে সত্ৰ নগৰী মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ লগত আছে এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ । কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ-বতাহ । এইবছৰ মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰঙ্গমঞ্চ আৰু ১২ খনকৈ সত্ৰত অনুষ্ঠিত হব এই ৰাস মহোৎসৱ ।
বান-বাৰিষাৰ সকলো দুখ-দুৰ্ভাৱনা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ । ৰাস বুলি কলেই ব্যস্ততা বাঢ়ে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত । সত্ৰৰ এইসকল মুখাশিল্পী এতিয়া ৰাস মহোৎসৱৰ বাবে মুখা বনোৱাত ব্যস্ত । এই চামগুৰি সত্ৰত নিৰ্মিত হোৱা মুখা মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুখা নিৰ্মাণৰ বাবে অৰ্ডাৰ আহিছে বুলি জানিবলৈ দিয়ে মুখাশিল্পীসকলে । চামগুৰি সত্ৰত নিৰ্মাণ কৰা মুখাই আকৰ্ষণ কৰে দেশী-বিদেশী পৰ্যটকসকলক ।
লগতে পঢ়ক: সেউজীয়াৰ মাজত মন ৰঙীণ হ’ল বগা চাহাবৰ