Deprived from PMAY: প্ৰধানমন্ত্ৰীৰ সপোনৰ আৱাস গৃহ লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী - চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-11-2023/640-480-19930470-thumbnail-16x9-cs.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 3, 2023, 1:21 PM IST
ধেমাজি, 3 নৱেম্বৰ: ধেমাজিত পৌৰসভাৰ অধীনত PMAY যোজনা আচঁনিৰ ৰূপায়ণৰ পুতৌজনক অৱস্থা ৷ আবেদন কৰিও বছৰ বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ সপোনৰ আৱাস গৃহৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ দৰিদ্ৰ হিতাধিকাৰীৰ ৷ পৌৰ সভাৰ অধীনৰ 10 টা ৱাৰ্ডৰ অন্তৰ্গত গাঁওসমূহত বহু হিতাধিকাৰীয়ে বছৰ বছৰ ধৰি এটি চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত হ’বলগীয়াৰ ছবি পোহৰলৈ আহিছে ৷
হিতাধিকাৰীসকলে জানিবলৈ দিয়া মতে, ঘৰ অনুমোদন হোৱাৰ পিছতো বছৰ বছৰ ধৰি প্ৰথম কিস্তিৰ ধনে তেওঁলোকে লাভ নকৰিলে । সেইদৰে আন কোনো দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ধন লাভ কৰিলে যদিও দ্বিতীয় কিস্তিৰ ধন মোকোলাই নিদিয়াত ধাৰত পোত যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷
প্ৰাপ্যৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ধেমাজি পৌৰসভাৰ সংশ্লিষ্ট ৱিষয়া, ৱাৰ্ড সদস্যক বহুবাৰ এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৷
লগতে পঢ়ক: Electricity system in Assam : ৰঙাপৰাত মৰণফান্দ, নিৰ্বিকাৰ শক্তি বিভাগ