School teachers boycott training programme: শিক্ষা সেতুৰ প্ৰশিক্ষণ কাৰ্যসূচী বয়কট শিক্ষক সন্মিলনীৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 25, 2023, 3:54 PM IST

বঙাইগাঁও, ২৫ মে': সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১১৭ খন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে 'শিক্ষা সেতুৰ' অধীনত লাভ কৰা টেবলেটৰ ওপৰত বৃহস্পতিবাৰে এক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । কিন্তু মহকুমা শিক্ষক সন্মিলনীৰ আওতাত থকা সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে অসহযোগ আন্দোলনৰ ঘোষণা কৰি প্ৰশিক্ষণ লোৱাৰ পৰা বিৰত থাকে ।

চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰালৈকে 'শিক্ষা সেতুৰ' বিৰোধিতা কৰাৰ লগতে 'শিক্ষা সেতুৰ' কামত অসহযোগ কৰাৰ লক্ষ্যৰে এই ব্যতিক্ৰমী প্ৰতিবাদ শিক্ষকসকলৰ । আনহাতে যোৱা ২২ মে’ শিক্ষকসকলে টেবলেটসমূহ ঘূৰাই দিবলৈ আহিল ঠিকে, পিছে টেবলেটসমূহ জমা নাৰাখিলে শিক্ষা খণ্ডৰ কাৰ্যালয়ে ।

শিক্ষকসকলৰ ক্ষোভ, বছৰ বছৰ ধৰি পদহীন পদত জ্যেষ্ঠতাৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে শিক্ষকসকলে । কিন্তু চৰকাৰে আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে । সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত ৰাজ্যজুৰি এতিয়া এনেদৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Assam erosion news:কলগাছিয়াৰ কাউৰঝাহি গাৱঁত গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.