Man Commits Suicide: চিপ লৈ আত্মহত্যা তিনি সন্তানৰ পিতৃৰ - man suicide case
🎬 Watch Now: Feature Video
জনিয়া, 18 জুলাই : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তর্গত আমগুৰি গাঁৱত শোকাৱহ ঘটনা ৷ মঙলবাৰে বিয়লি ছামেজ উদ্দিন নামৰ এগৰাকী যুৱকে ডিঙিত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলব্যাপী শোকৰ ছাঁ পৰিছে ৷ ৰাজমিস্ত্ৰীৰ যোগালি কাম কৰি পৰিয়াল পোহপাল দিয়া যুৱকজনে ঘৰুৱা অসন্তুষ্টিৰ বাবে আত্মহত্যা কৰা বুলি ৰাইজে জানিবলৈ দিছে ৷
জানিব পৰা মতে, তিনিদিন পূৰ্বে ছামেজ উদ্দিনৰ পত্নীয়ে এটি কন্যা সন্তান জন্ম দিয়ে ৷ তাৰ পিচতে পত্নীক মাতৃগৃহলৈ লৈ যায় ৷ তাৰ পিচৰে পৰাই তেওঁ ঘৰত অকলে আছিল ৷ পত্নীৰ সৈতে ফোনত কথা পতাৰ পিচতেই তেওঁ মন মাৰি আছিল ৷ আজি সন্ধিয়া ঘৰৰ সন্মুখত থকা এখন বন্ধ দোকান ঘৰৰ ভিতৰত মানুহ নথকাৰ সুযোগ লৈ ডিঙিত চিপ লৈ আত্মহত্যা কৰে লোকজনে ৷ কি কাৰণত আত্মহত্যা কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷
পৰৱৰ্তী সময়ত চিপ লৈ থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি লোকজনক তলত নমাই আনে যদিও তাৰ পূৰ্বেই ছামেজৰ মৃত্যু হয় ৷ ঘটনা সংক্ৰান্তত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: MINOR RAPE CASE: মোবাইল ভাল কৰাৰ চলেৰে লৈ গৈ কিশোৰীক ধৰ্ষণ ৫০ বছৰীয়া ব্যক্তিৰ