Holi celebration in Majuli: মাজুলীৰ চামগুৰি সত্ৰত উলহ মালহেৰে পালন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা - ফাকুৱা উৎসৱ
🎬 Watch Now: Feature Video
মাজুলী, 8 মাৰ্চ: আবিৰৰ ৰঙে ৰঙীণ হৈ পৰিছে মাজুলীৰ আকাশ বতাহ (festival of colors Fakuwa) । সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ফাকুৱাৰ ব্যাপক আনন্দ পৰিলক্ষিত হৈছে । চামগুৰি সত্ৰত উলহ মালহেৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা (Holi celebration in Majuli) ৷
ফাকুৱা উপলক্ষে ঐতিহাসিক চামগুৰি সত্ৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে (holi celebration) । মাজুলীত তিনিদিনীয়াকৈ পালন কৰা হৈছে ফাকুৱা উৎসৱ । দক্ষিণপাট সত্ৰ ,নতুন চামগুৰি সত্ৰ, বেঙেনাআটি সত্ৰ, গড়মূৰ সত্ৰত পালন কৰা হৈছে ফল্গু উৎসৱ । ঐতিহাসিক চামগুৰি সত্ৰত আজি পুৱাতে সত্ৰৰ লগতে সত্ৰ সমীপৰ গাঁৱত গোঁসাই ফুৰুওৱা কাৰ্যসূচী অনুষ্ঠিত হয় ।
গোঁসাই ফুৰোৱা এই অনুষ্ঠানত ঐতিহাসিক সত্ৰখনৰ ভকত বৈষ্ণৱ সকলৰ লগতে অঞ্চলটোৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰে । ঐতিহাসিক সত্ৰখনত নিশালৈ অনুষ্ঠিত হ’ব এখনি ভাওনা । বৃহস্পতিবাৰেও গোঁসাই ফুৰুওৱা অনুষ্ঠান অব্যাহত থাকিব । এক কথাত ক’বলৈ গ’লে ৰঙৰ উৎসৱ ফাকুৱাক লৈ ব্যস্ত হৈ পৰিছে মাজুলীৰ প্ৰতিজন লোক ।
লগতে পঢ়ক : Baresaharia Bhaona Mahotsav 2023 : বাৰেচহৰীয়া ভাওনাৰ প্ৰথমদিনা ২১ খন খোলাত ভাওনা প্ৰদৰ্শন