Deprived from PMAY family : PMAY আঁচনিৰ পৰা বঞ্চিতক গৃহদান কৰিলে বিধায়ক ভুৱন গামে - বিজেপি বিধায়ক ভুৱন গাম
🎬 Watch Now: Feature Video
Published : Sep 2, 2023, 7:14 AM IST
মাজুলী, 2 ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত এটি গৃহ লাভ নকৰা এটি দৰিদ্ৰ পৰিয়াললৈ ঘৰ আগবঢ়ালে মাজুলীৰ বিধায়ক ভুৱন গামে । উল্লেখ কৰা প্ৰয়োজন যে, তেওঁৰ দলৰ জ্যেষ্ঠ কৰ্মী বিপিন ভাগৱতীয়ে আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আঁচনিৰ ঘৰ । যাৰ ফলশ্ৰুতিত ব্যক্তিগতভাৱে জ্যেষ্ঠ বিজেপি কৰ্মী বিপিন ভাগৱতীৰ ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপি বিধায়ক ভুৱন গামে ।
মাজুলীৰ শালমৰা গাঁৱৰ জ্যেষ্ঠ বিজেপি কর্মী বিপিন ভাগৱতীৰ বাসগৃহত উপস্থিত হৈ কর্মীজনৰ দুৰ্দশা দেখি তথা চৰকাৰী সুবিধা লাভৰ পৰা বঞ্চিত হোৱা দেখি ঘৰ নিৰ্মাণৰ আশ্বাস প্ৰদানৰ লগতে আগধন হিচাপে প্ৰদান কৰে 50,000 টকা । অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ বিপিন ভাগৱতী আৰু পত্নীয়ে বাস কৰা ঘৰটোত বিধায়ক ভুৱন গাম উপস্থিত হৈছিল বুলিও জানিব দিয়ে পৰিয়ালটোৱে ।
দলটোৰ এগৰাকী পুৰণি বিজেপি কর্মী হোৱাৰ পাচতো মাজুলীৰ জ্যেষ্ঠ বিজেপি কর্মীগৰাকী বঞ্চিত হৈ আহিছিল প্ৰয়োজনীয় সা-সুবিধাৰ পৰা ৷ অৱশেষত বিজেপি বিধায়ক ভুৱন গামে গ্ৰহণ কৰা পদক্ষেপত বিধায়কগৰাকীলৈ কৃতজ্ঞতা জনায় দৰিদ্ৰ পৰিয়ালটোৱে ৷
লগতে পঢ়ক: Silsako Eviction Protest: বিজেপি বর্তমান বস্ত্র হৰণকাৰী দললৈ পর্যবসিত হৈছে; শিলসাঁকোৰ উচ্ছেদ-প্ৰতিবাদক লৈ সৰৱ কংগ্ৰেছ