Mahendra Hazarika: শিল্পী মহেন্দ্র হাজৰিকাৰ ফেচবুক একাউন্ট হেক - জনতাৰ শিল্পী মহেন্দ্র হাজৰিকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 21, 2023, 6:59 PM IST

লখিমপুৰ, ২১ মাৰ্চ: এইবাৰ হেকাৰৰ কৱলত পৰিছে জনতাৰ শিল্পী মহেন্দ্র হাজৰিকা ৷ হেক হৈছে শিল্পী গৰাকীৰ ফেচবুক একাউন্ট (Mahendra Hazarikas Facebook account hacked) ৷ কিন্তু প্ৰশ্ন হয় কোনে হেক কৰিছে শিল্পীগৰাকীৰ ফেচবুক একাউন্ট ?  

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে লখিমপুৰৰ এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল শিল্পীগৰাকী । গৈ থকা অৱস্থাতে কোনো অজ্ঞাত দুষ্ট চক্ৰই শিল্পীগৰাকীৰ ফেচবুক একাউন্টটো হেক কৰে ৷ লগে লগে বন্ধ হৈ পৰে শিল্পীগৰাকীৰ ফেচবুক একাউন্ট ৷ ফেচবুক ব্যৱহাৰ কৰিব নোৱাৰাত শিল্পীগৰাকীয়ে সময় বিনষ্ট নকৰি ততাতৈয়াকৈ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষ চাপে ৷ লখিমপুৰ আৰক্ষীয়ে লগে লগে এই সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷  

ইফালে মহেন্দ্র হাজৰিকাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰ কয় যে, এই ঘটনাত তেওঁ অতিকৈয়ে মৰ্মাহত হৈ পৰে । শিল্পীগৰাকীয়ে মনত যথেষ্ট দুখ পোৱা বুলিও উল্লেখ কৰে । যিহেতু তেওঁ জনতাৰ শিল্পী গতিকে জনতাৰ লগত ডিজিটেল যুগত জড়িত হৈ থকাৰ এক মাত্ৰ মাধ্যম হৈছে সামাজিক মাধ্যম ৷ গতিকে জনতাৰ সৈতে যোগাযোগ কৰাৰ মাধ্যমটোক লৈ হেতালি খেলাত দুখ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷  অৱশ্যে আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত আৰম্ভ কৰিছে ৷ গতিকে অতি সোনকালেই একাউন্টটো পুনৰুদ্ধাৰ হ’ব বুলিও আশাবাদী শিল্পীগৰাকী ৷  

লগতে পঢ়ক: Singer Nahid Afrin: কলিযুগত নিজকে শক্তিশালী কৰি ৰখাটো অতিকৈ প্ৰয়োজন; নাহিদ আফ্ৰিন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.