Maha Shivaratri at Shivadoul: শিৱসাগৰৰ মহাশিৱৰাত্ৰি পূজা উদ্বোধন সৰ্বানন্দ সোণোৱালৰ - Union Minister Sarbananda Sonowal at Shivadoul
🎬 Watch Now: Feature Video
শিৱসাগৰত ,১৮ ফেব্ৰুৱাৰী: আজি মহাশিৱৰাত্ৰি । ৰাজ্য়ৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে (Sri Sri Maha Shivaratri in Assam)। ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণতো শুক্ৰবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে "শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা"(Maha Shivaratri at historical Shivadoul) । ঐতিহাসিক শিৱদৌলটোৰ মহাশিৱৰাত্ৰিৰ প্ৰথম দিনাৰ কাৰ্যসূচী উদ্ধোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
এই মহাশিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি প্ৰথম দিনাৰ কাৰ্যসূচীত শিৱসাগৰ দৌল উন্নয়ন পৰিষদে প্ৰকাশ কৰি উলিওৱা "শিৱসাগৰ বৰপুখুৰী আৰু তিনিটা দ'ল" নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয় । এই অনুষ্ঠান মুকলি তথা গ্ৰন্থ উন্মোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অংশগ্ৰহণ কৰে থাওৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ, সমাজকৰ্মী কেশৱ ভূঞা, শিক্ষাবিদ দয়ানন্দ বুঢ়াগোহাঁইৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে (Union Minister Sarbananda Sonowal at Shivadoul) ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমেই শিৱদৌল পৰিদৰ্শন কৰি পূজা-অৰ্চনা আগবঢ়াই মহাদেৱৰ চৰণত । মহাশিৱৰাত্ৰিৰ প্ৰথম দিনটোতেই আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত নগৰৰ মাজমজিয়াত অগণন লোকৰ সমাগম পৰিলক্ষিত হয় । আনহাতে, আজি অৰ্থাৎ শণিবাৰে সন্ধিয়া এনামুদ্দিন আহমেদৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘পঞ্চানন’ উন্মোচন কৰিব প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই । ইয়াৰ পিছতেই লোকশিল্পী খগেন গগৈ আৰু কণ্ঠশিল্পী ময়ূৰী দত্তই ভক্তিমূলক গীতৰ অনুষ্ঠান পৰিবেশন কৰিব বুলি জনালে শিৱৰাত্ৰি উদযাপন সমিতিয়ে ।
উল্লেখ্য যে এইবাৰ মহা শিৱৰাত্ৰি পূজাৰ সৈতে সংগতি ৰাখি কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । আন অনুষ্ঠানৰ উপৰি জনপ্ৰিয় সংগীত শিল্পী অনুৰাধা পড়োৱালে সংগীতানুষ্ঠান পৰিৱেশন কৰিব । অহা ২১ ফেব্ৰুৱাৰী বলিউডৰ বিখ্যাত কণ্ঠশিল্পী পদ্মশ্ৰী ড৹ অনুৰাধা পড়োৱালৰ সংগীতানুষ্ঠান “সত্যম শিৱম সুন্দৰম্" অনুষ্ঠিত হ'ব (Anuradha Padowal at Shivadoul Shivaratri 2023)। এই ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব শিৱসাগৰৰ স্থানীয় বিধায়ক অখিল গগৈয়ে ।
লগতে পঢ়ক:Piyush Hazarika on Congress: ২০৩৬ চনলৈকে কংগ্ৰেছে দিছপুৰৰ শাসনভাৰ ল'ব নোৱাৰে : পীযুষ হাজৰীকা