ভোগৰ ভোগালী; আধুনিকতাৰ ধামখুমীয়াত ক’ত হেৰাল ঢেঁকী - Udalguri Magh Bihu

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 1:47 PM IST

ওদালগুৰি, 10 জানুৱাৰী : মাজত মাথোঁ কেইটামান দিন বাকী; আকৌ আহি পালেহি ভোগৰ উৎসৱ ভোগালী বিহু ৷ ভোগালীক আদৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ পিচ পৰি ৰোৱা নাই ওদালগুৰিবাসীও ৷ ভোগৰ উৎসৱ ভোগালীৰ বাবে ওদালগুৰিবাসী ব্যস্ত হৈ পৰিছে চিৰা, পিঠা, সান্দহ, গৰু বা ম’হৰ দৈ যোগাৰ কৰাত ৷

দৈনিক ব্যস্ততা বাঢ়িছে চিৰা প্ৰস্তুত কৰা মিলসমূহতো ৷ ভোগালীৰ বাবে চিৰা প্ৰস্তুত কৰিবলৈ 15/20 মোন চাউল লৈ প্ৰতিদিনাই কলাইগাঁৱৰ চিৰা মিলত বহু লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ৷ কেতিয়াবা আকৌ চিৰা বনা মানুহৰ সংখ্যা বেছি হ’লে পলমকৈ অহা লোকসকলে উভতি যাব লগাও হৈছে ৷ মুঠৰ ওপৰত সকলোৱে ভোগালীৰ বাবে চলাইছে প্ৰস্তুতি ৷

ভোগালীৰ লগত আছে ঢেঁকীৰ এক সুকীয়া সম্পৰ্ক ৷ ঢেঁকীত প্ৰস্তুত কৰা চিৰা, সান্দহৰ সোৱাদেই কিছু সুকীয়া ৷ কিন্তু আধুনিকতাৰ ধামখুমীয়াত ক’ৰবাত যেন হেৰাই গৈছে অসমীয়াৰ চোতালত থকা ঢেঁকীটো ৷

লগতে পঢ়ক : ৰহাত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত প্ৰায় 50 ফুট উচ্চতাৰ ভেলাঘৰ নিৰ্মাণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.