পদুলিত ভোগালী: ঢেকীৰ শব্দই ৰজনজনাইছে ৰাজ্যৰ চৌদিশ - Magh bihu preparation
🎬 Watch Now: Feature Video


Published : Jan 11, 2024, 6:17 PM IST
সৰুপথাৰ, 11 জানুৱাৰী : পদুলিত ভোগৰ উৎসৱ ভোগালী । মাঘ মানেই মেজিৰ জুই, মাঘ মানেই ভোগৰ উৎসৱ, অসমীয়া চহা কৃষকৰ বুকুৰ আমঠু ভোগালী ৷ ভোগালীক আদৰিবলৈ ব্যস্ত হৈছে গাঁৱৰ জীয়াৰী-বোৱাৰী ৷ উৰুকালৈ মাজত মাথোঁ দুটা দিন । ইয়াৰ লগতে অসমৰ চৌদিশে বিভিন্ন আৰ্হিত ভেলাঘৰ সাজি উলিয়াইছে অসমীয়া ৰাইজে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ বাৰঘৰীয়া গাঁৱত ভোগালীক আদৰিবলৈ ব্যাপক উছাহ । পুৱাৰে পৰা ব্যস্ত গাঁৱৰ জীয়াৰী-বোৱাৰী। ঢেকীৰ শব্দই ৰজনজনাইছে প্ৰতিঘৰ অসমীয়াৰ চোতাল ৷ তেল পিঠা, টিল পিঠা, ঘিলা পিঠা, সুটুলি পিঠা, পকা মিঠৈ, নাৰিকলৰ লাডু, তিলৰ লাডু ভিন্ন ভিন্ন খাদ্য প্ৰস্তুত কৰি আনন্দৰে এসাঁজ খাবলৈ সাজু হৈছে সৰুপথাৰবাসী ৷
লগতে পঢ়ক: পদুলিত হেঁপাহৰ ভোগালী, ওদালগুৰিত মাছৰ উজান