বিবিধ পিঠা, লাড়ুৰে ভোগালীক আদৰাৰ প্ৰস্তুতি - ভোগালী বিহু 2024
🎬 Watch Now: Feature Video
Published : Jan 12, 2024, 10:56 PM IST
গোলাঘাট, 12 জানুৱাৰী : পদুলিমুখত হেপাঁহৰ ভোগালী বিহু ৷ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন । সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷ গোলাঘাট জিলাৰ খুমটাইতো পুৰুষসকল ব্যস্ত মেজি-ভেলাঘৰ নিৰ্মাণ কৰাত আনহাতে মহিলাসকল ব্যস্ত আখলত ৷
গোলাঘাট জিলাৰ বেতিয়নীত 10 গৰাকী মহিলা ব্যস্ত তিলপিঠা, ঘিলাপিঠা, লাড়ুকে ধৰি বিভিন্ন পিঠা বনোৱাত ৷ কিছুসংখ্যক মহিলাই ঢেকীত পিঠাগুৰি খুন্দিছে যদি কিছু সংখ্যক ব্যস্ত পিঠা, লাড়ু বনোৱাত ৷ এই বিবিধ পিঠাৰে বিহুত ঘৰলৈ অহা অতিথিক অপ্যায়ণ কৰিব ৷ ইফালে উৰুকাৰ নিশা মেজিৰ তলত হাঁহে মাহে এসাঁজ খাই আনন্দ উল্লাস কৰিবলৈ সাজু হৈছে সকলো ৷ মুঠতে ভোগৰ বিহু ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷
লগতে পঢ়ক: গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন