Fire incident in Khanapara: খানাপাৰাৰ ৰাজপথত দাও দাওকৈ জ্বলিল LPG কঢ়িওৱা বাহন - ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-10-2023/640-480-19713092-thumbnail-16x9-ds.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 8, 2023, 2:25 PM IST
গুৱাহাটী, 8 অক্টোবৰ: ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল মহানগৰীৰ খানাপাৰা । পুৱতি নিশা যান্ত্ৰিক বিজুতি ঘটি ৰাজপথতে দাও দাও কৈ জ্বলিল গেছ ভৰ্তি এখন ট্ৰেংকাৰ । জানিব পৰা মতে বঙাইগাঁওৰ পৰা নগাঁও অভিমুখে আহি আছিল AS01 PC 7461 নম্বৰৰ এখন LPG গেছ পৰিবাহী টেংকাৰ । কিন্তু খানাপাৰা পোৱাৰ পিছতে যান্ত্ৰিক বিজুতি ঘটি হঠাৎ জ্বলি উঠে টেংকাৰখনৰ সন্মুখভাগ । লগে লগে অঞ্চলটোত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ।
প্ৰথমতে ট্ৰেংকাৰখনৰ চালকজনে জুই নুমুৱাৱলৈ চেষ্টা কৰে যদিও সফল নহ’ল । পৰৱৰ্তী সময়ত খানাপাৰা যান বাহন আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে জুই । ফলত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো । উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱা স্থানৰ সমীপতে আছিল এটা পেট্ৰ’ল পাম্প ।
লগতে পঢ়ক: Teok missing: 2 অক্টোবৰৰ পৰা নিখোঁজ অৱস্থাত টীয়কৰ যুৱতী, চিন্তিত অভিভাৱক