গোলাঘাটত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:51 PM IST

thumbnail

গোলাঘাট, ১০ জানুৱাৰী: গোলাঘাট জিলাৰ ফৰকাটিং আঠগাঁৱৰ চাহ বাগিচাৰ এলেকাত আজি উদ্ধাৰ হয় এটা নাহৰফুটুকীৰ মৃতদেহ । স্থানীয় লোকে  প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ মৃতদেহটো । পিচত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জামুগুৰি আঞ্চলিক বন বিভাগৰ লোকক খৱৰ দিয়াত বন বিভাগৰ লোক    ঘটনাস্থলীত  উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীৰ মৃতদেহটো ।  

জিলাখনৰ ফৰকাটিং আঠগাঁৱত কিদৰে মৃত্যু হ'ল,ক'ৰ পৰা আহিল নাহৰফুটুকীটোৰ মৃতদেহ তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে । মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাটো । ইফালে, ফৰকাটিং আঠগাঁৱত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  হৈছে । বাঘটোৰ মুখত তেজৰ চেকুৰা লাগি থকাত কোনো লোকে মাৰি পেলাই থৈ যাব পাৰে বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: লখিমপুৰত তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসমী ভোগালী মেলা ২০২৪

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.