Debabrat Saikia criticized Government: চৰকাৰ সংবেদনশীল হোৱা উচিত: বিৰোধী দলপতি

By

Published : Feb 10, 2023, 10:07 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী,১০ ফেব্ৰুৱাৰী: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাপ হৈ খোঁটা আৰু বেজ হৈ জৰা কাম কৰি আছে । এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ (Leader of the opposition) । অসম চৰকাৰৰ শেহতীয়া কাৰ্যকলাপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় বিৰোধী দলপতিগৰাকীয়ে । তেওঁ কয় যে অসম চৰকাৰে বৰষুণ আহিলে জাপি বিচাৰে । 

বিজেপি চৰকাৰ প্ৰথমবাৰ শাসনলৈ অহাৰ সময়ত কাজিৰঙাত বাংলাদেশীয়ে খোপনি পোতা বুলি অভিযোগ কৰি উচ্ছেদ অভিযান চলাইছিল (Eviction in Kaziranga National Park) । যি উচ্ছেদ অভিযানৰ সময়ত দুজনকৈ লোকৰ মৃত্যু হৈছিল । এই সন্দৰ্ভত বিধানসভাত তথ্য বিচৰাত গম পোৱা গ'ল যে সেই লোকসকল ভাৰতীয় নাগৰিক আৰু যাৰ বাবে চৰকাৰখনে ক্ষতিপূৰণ দিছে । ঠিক সেইদৰে গৰুখূটিৰ উচ্ছেদৰ ক্ষেত্রতো সেই লোকসকলক বাংলাদেশী বুলি কোৱা হৈছিল । 

কিন্তু তাৰ পৰৱৰ্তী সময়ত ২,১৫০ টা পৰিয়ালক দলগাঁৱত পুনৰ সংস্থাপন দিয়া হ'ব বুলি চৰকাৰে সিদ্ধান্ত ল'লে । চৰকাৰৰ এই কাৰ্যকলাপ সন্দৰ্ভত তেওঁ প্ৰশ্ন কৰি কয় যে তেওঁলোক যদি বাংলাদেশী হয় তেন্তে ডিটেনচন কেম্পলৈ কিয় নপঠায় । কিয় পুনৰ সংস্থাপন দিছে । চৰকাৰখনে মূল সমস্যাৰ পৰা ৰাইজক আঁতৰত ৰখাৰ বাবে এনেধৰণৰ কাৰ্যকলাপ কৰি আহিছে বুলি তেওঁ অভিযোগ কৰে (Government trying to divert issues) । 

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্রী হৈ থকা সময়ত কৰা পৰ্যালোচনা বৈঠক সমূহত এই বিষয় সম্পৰ্কে অৱগত হোৱা নাছিল নেকি । এতিয়া কিয় হঠাতে অভিযান চলাবলগীয়া হ'ল বুলি তেওঁ প্ৰশ্ন কৰে । কামত গাফিলতি কৰা সকলক কিয় জবাবদিহি কৰা হোৱা নাই বুলি সদৰী কৰি তেওঁ বৰ্তমান সৃষ্টি হোৱা পৰিস্থিতিৰ ক্ষেত্রত চৰকাৰ সংবেদনশীল হোৱা উচিত বুলি কয় । 

লগতে পঢ়ক: Debabrat Saikia on Akhil Gogoi NIA case: গণতন্ত্ৰক জীয়াই ৰাখিবলৈ প্ৰতিবাদৰ অৱকাশ থাকিবই লাগিব: দেৱব্ৰত শইকীয়া

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.