Laying of laikhuta at Moran : মৰাণত টাইপাৰ উদ্যোগত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ লাইখুঁটা স্থাপন - চাওল্যুং চ্যুকাফা বঁটা প্ৰদান
🎬 Watch Now: Feature Video
Published : Oct 31, 2023, 3:00 PM IST
ডিব্ৰুগড়, 31 অক্টোবৰ : টাই আহোম যুৱ পৰিষদে মৰাণত অনুষ্ঠিত কৰিব কেন্দ্ৰীয় চ্যুকাফা দিৱস । টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা মৰাণ মহকুমা আৰু মৰাণ আঞ্চলিকৰ উদ্যোগত অহা ৩০ নৱেম্বৰৰ পৰা তিনিদিয়াকৈ আয়োজন কৰা হৈছে এই চ্যুকাফা দিৱস ।
মৰাণৰ সমীপৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা এই দিৱসৰ বাবে আজি (মঙলবাৰ) এ লাইখুঁটা স্থাপন কৰা হয় । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, টাইপা কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই আৰু টাইপা নেতা-কৰ্মী সকল উপস্থিত থকা অনুষ্ঠানটোত সম্পূৰ্ণ আহোমৰ নীতি নিয়মৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয় ।
অনুষ্ঠানৰ শেষৰ দিনা অৰ্থাৎ ২ ডিচেম্বৰৰ দিনা অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনক চাওল্যুং চ্যুকাফা বঁটা প্ৰদান কৰিব টাইপাই । অনুষ্ঠানৰ প্ৰতিটো দিনতে টাই আহোমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা লগতে বহু জনপ্ৰিয় কন্ঠশিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব বুলিও জানিবলৈ দিছে সংগঠনটোৰ নেতৃত্বই ।
লগতে পঢ়ক : Mnipur Violence: SDPO চিংথাম আনন্দক গুলীয়াই হত্যা সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ