Land Patta Distribution : কলিয়াবৰত ভূমিহীনক ভূমিপট্টা বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ - Keshab Mahanta distributed land patta at Kaliabor
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17812368-thumbnail-4x3-01-kaliabor-aspera.jpg)
কলিয়াবৰ, ২১ ফেব্ৰুৱাৰী : কলিয়াবৰত ভূমিহীনক ভূমিপট্টা প্ৰদান কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ (land patta distribution at Kaliabor) । কলিয়াবৰৰ আমগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ফুলগুৰি চাং অঞ্চলৰ ২০০ ভূমিহীন পৰিয়ালক কেবিনেট মন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰে মাটিৰ পট্টা (minister Keshab Mahanta distributed land patta) ।
বন অধিকাৰ আইন, ২০০৬ অনুসৰি শোণিতপুৰ জিলাৰ ২০০ টা খিলঞ্জীয়া ভূমিপূত্ৰৰ পৰিয়াললৈ ভূমিৰ পট্টা বিতৰণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta distributed land patta at Kaliabor) । উল্লেখ্য যে, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । নতুনকৈ আবেদন কৰাসকলকো শীঘ্ৰেই ভূমিপট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।
আনহাতে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্ব আৰু বিশেষ তৎপৰতাত এই কাম সম্ভৱ হৈ উঠা বুলি মন্তব্য কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে, বৰ্তমানৰ চৰকাৰখন শাসনলৈ অহাৰ পাছতেই বন অধিকাৰ আইন, ২০০৬ ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা হৈছে (health minister Keshab Mahanta) ৷ বন অধিকাৰ সমিতি গঠনৰ মাধ্যমেৰে ইয়াৰ সদস্যসকলৰ জৰিয়তে ক্ষেত্ৰ পৰ্যায়ত এই আইনৰ সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে অহৰহ তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে ৷ ভূমিপুত্ৰসকলৰ অধিকাৰ আৰু স্বকীয়তা সুৰক্ষিত কৰিবলৈ অসম চৰকাৰে লোৱা এনে পদক্ষেপক ৰাইজেও আদৰণি জনায় ।
উল্লেখ্য যে, ভূমি সংক্ৰান্তীয় সমস্যা নিস্পত্তিৰ বাবে চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা ৷ এই মিছন বসুন্ধৰাৰ জড়িয়তে ৯ টা মূল বিষয় সমাধান কৰা হ’ব । সেইকেইটা হৈছে ভূমিৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাদীকৰণ, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল/স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন, আৱণ্টিত মাটিৰ ম্যাদীকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালিৰ সংশোধন) আৰু ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তিকৰণ ।
ইয়াৰ উপৰি অৰণ্য সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চলৰ ভূমিত বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলক স্থায়ী ভূমি প্ৰদানৰ কামো হাতত লৈছে ৰাজ্য চৰকাৰে ।
লগতে পঢ়ক : Encroachment on Forest land: বেদখলকাৰীৰ কবলত ৰাজ্য়ৰ তিনি লক্ষাধিক হেক্টৰ বনভূমি