thumbnail

Lakshmi puja: মাণিকপুৰত লক্ষ্মী পূজাৰ বৃহৎ আয়োজন

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:05 AM IST

বঙাইগাঁও, 30 অক্টোবৰ : দেওবাৰে মাণিকপুৰত ৭৯ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে মেলাৰ দ্বাৰ মুকলি কৰা হয় । ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এইবাৰ লক্ষ্মী পূজাৰ মেলা অনুষ্ঠিত হ’ব । বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে মন্দিৰৰ দ্বাৰ তথা পূজাৰ শুভাৰম্ভ কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনে ৷ আনহাতে মেলাৰ দ্বাৰ মুকলি কৰে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে ।

এইবাৰৰ মেলাৰ বিশেষ আকৰ্ষণ মীনা বাজাৰ, এক্সপ’ । অহা ৩১ অক্টোবৰৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰ থিয়েটাৰে তিনিদিনীয়াকৈ নাট প্ৰদৰ্শন কৰিব । বিধায়ক আব্দুল বাতিন খন্দকাৰে লক্ষ্মী মেলাৰ দ্বাৰ মুকলি কৰি সকলোৰে ঘৰত লখিমী অহাৰ কামনা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে । পূজা আৰু মেলাৰ আয়োজক সমিতিয়ে ৰাইজৰ পূৰ্ণাংগ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৷

লগতে পঢ়ক : Lakshmi puja 2023: বাক্সা জিলাৰ গাৰামদেউত লক্ষ্মী পূজাৰ মহা আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.