Assamese Traditional instrument: নীৰৱে নিতালে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰিছে বোধেন পাচনিয়ে - নিজৰ কৰ্মই ধৰ্ম
🎬 Watch Now: Feature Video
বিহপুৰীয়া, 22 আগষ্ট : এগৰাকী প্ৰচাৰ বিমুখ শিল্পী ৷ যিয়ে সৰুৰে পৰা নিজে নিৰ্মাণ কৰি আহিছে অসমীয়া সংস্কৃতিৰ বহু অমূল্য লোকবাদ্য ৷ খোল, একতাৰা, নাগাৰা, বাঁহী, দোতৰা, কৰতাল, আনন্দলহৰীৰ উপৰিও এইগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠেৰে নিৰ্মিত বিভিন্ন মূৰ্তি, নামঘৰৰ মণিকূটত, সৰু-ডাঙৰ গুৰু আসন ইত্যাদি ৷
আমি উল্লেখ কৰা এই শিল্পীগৰাকী হৈছে লখিমপুৰ জিলাৰ নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডেৰগঞা গাঁৱৰ নিবাসী বোধেন পাচনি । শিল্পী বোধেন পাচনিৰ হাতৰ পৰশত চহকী হৈছে অসমীয়া সংস্কৃতিৰ ভঁড়াল ৷ কিন্তু পৰিতাপৰ বিষয় যে, এইগৰাকী শিল্পীয়ে আজিকোপতি লাভ কৰা নাই চৰকাৰৰ ফালৰ পৰা কোনো সুযোগ-সুবিধা ৷ অথচ নিৰন্তৰভাৱে ‘‘নিজৰ কৰ্মই ধৰ্ম’’ এই নীতিক সাৰোগত কৰি নিজৰ লক্ষ্যত উপনিত হোৱাৰ উপৰিও পৰিয়ালৰ ভৰণ-পোষণ দি আহিছে ।
লগতে পঢ়ক : Assam Govt Aid To Barua Brothers: শিল্পী ভাতৃদ্বয় ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য