thumbnail

By

Published : Feb 20, 2023, 11:31 AM IST

ETV Bharat / Videos

Sonowal Kachari Youth Cultural Festival: সোণোৱাল যুৱ সাংস্কৃতিক মহোৎসৱৰ লাইখুঁটা স্থাপন

জোনাই, ২০ ফেব্ৰুৱাৰী: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সোণোৱাল যুৱ সাংস্কৃতিক মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয় (Sonowal Kachari Autonomous Council)। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩ অহা ২৩, ২৪, ২৫ আৰু ২৬ মাৰ্চত ডিব্ৰুগড়ৰ ডাইনীজানত অনুষ্ঠিত হ'ব (Sonowal Kachari Youth and Cultural Festival 2023)। এই মহোৎসৱৰ লাইখুঁটা যোৱা ১৭ ফেব্ৰুৱাৰীত স্থাপন কৰা হয় (Laikhuta of Sonowal Kachari Youth and Cultural Festival)। বাইথ ধৰ্মীয় পৰম্পৰা ৰীতি-নীতিৰ আধাৰত ডিব্ৰুগড়ৰ মানকটা বাথৌ মন্দিৰৰ পূজাৰী শঙ্কৰ বাগলাৰীয়ে মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে ।

গায়ন বায়ন, সোণোৱাল হুঁচৰিকে ধৰি লেছেৰী নৃত্য প্ৰদৰ্শন কৰা এই অনুষ্ঠানটোত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, অধ্যক্ষ মদন হাজৰিকাৰ লগতে কেইবাজনো কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য-সদস্যা, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থা, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থা, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ শীৰ্ষ নেতা উপস্থিত থাকে (Sonowal Kachari Youth and Cultural Festival at Dibrugarh)।  

আগন্তুক সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱত প্ৰতিটো পৰিষদীয় সমষ্টিত বাচনিভূক্ত প্ৰতিযোগীয়ে দৌৰ, জাম্প, শ্বটপুত, ফুটবল, সোণোৱাল হুঁচৰি, বহুৱা নাচ, হগ্ৰা নাচ, গায়ন-বায়ন, ঢোল বাদন, কথিত ভাষা, সোণোৱাল লেছেৰী, লখিমী নাম, লগ বিহু, কুলাবুঢ়ী নাচ, আইনাম, পেঁপা বাদন, লখিমী সবাহৰ নাম, অপেশ্বৰা সবাহৰ গীত, নিচুকনি গীত, বীণ বাদনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । এই বিষয়ে সদৰি কৰিছে উদ্য়োক্তা সমিতিয়ে ।

উল্লেখযোগ্য যে অসমৰ ভূমিপুত্ৰ জনজাতি লোক সকলৰ অন্য়তম হৈছে সোণোৱাল কছাৰী । এই সোণোৱাল কছাৰীসকলক তিব্বত-বৰ্মী ভাষাভাষী বড়ো-কছাৰী মূলৰ এটা ঠাল বুলি কোৱা হয় । সোণোৱাল কছাৰী লোক সকল ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বসবাস কৰে । তদুপৰি তেওংলোকে  শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ আদিতো বসবাস কৰি আহিছে । সোণোৱাল কছাৰীসকলক মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মী ভাষাভাষী শাখাৰ অসম-বৰ্মী এক জনগোষ্ঠী বুলিও কোৱা হয় (Sonowal Kachari belongs to Mongolian community)।

লগতে পঢ়ক:Barpeta Satra press meet: মন্দিয়া কৱৰস্থানক সত্ৰই ভূমি হস্তান্তৰ কৰা সন্দৰ্ভত সত্ৰ সমিতিয়ে সংবাদমেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.