Rangali Bihu 2023: পাথৰ কুৱেৰীৰ বহাগী উৎসৱৰ লাইখুঁটা স্থাপন

By

Published : Apr 7, 2023, 8:18 PM IST

thumbnail

গুৱাহাটী, ৭ এপ্ৰিল: অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাৰেংগী ক্ৰিয়া সন্থাৰ খেলপথাৰত পাথৰ কুৱেৰী বহাগী উৎসৱ উদযাপন সমিতিয়ে উদযাপন কৰিব ৰূপালী জয়ন্তী বৰ্ষ (Silver Jubilee of Pathar Konwari Bahagi Utsav) । এই উদ্দেশ্যৰে শুকুৰবাৰে বিহু উৎযাপন সমিতিৰ বিষয়ববীয়া-সদস্যসকলৰ উপস্থিতিত স্থাপন কৰা হয় মঞ্চৰ লাইখুঁটা । লাইখুঁটা স্থাপন কৰে ৫২নং দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই (Rangali Bihu 2023) ।  

মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই লাইখুঁটা স্থাপন অনুষ্ঠানত বিধায়ক অতুল বৰাৰ লগতে পাথৰ কুৱাৰী বহাগী উৎসৱ উৎযাপন সমিতিৰ সভাপতি ধৰ্মকান্ত ডেকা, কাৰ্যকৰী সভাপতি মানবেন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক পৰেশ ৰয়, পাৰিষদ গোকুল গোস্বামীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Lai khuta laid of Pathar Konwari Bahagi Festival) । এইবেলি পাথৰ কুৱেৰী বহাগী উৎসৱ উদযাপন সমিতিৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা, আচুৰ্য বৰপাত্ৰ, পাপৰি গগৈৰ লগতে লগতে অসমৰ কেইবাটাও আগশাৰীৰ বিহু হুঁচৰি দলৰ অনুষ্ঠান । 

লগতে পঢ়ক: Majuli rangali bihu celebration: ঢোলৰ মাতে গগণ কঁপাইছে নদী দ্বীপ মাজুলীত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.