গুৱাহাটীৰ লাচিতঘাটত উদযাপন ৪০১ সংখ্যক লাচিত দিৱস
🎬 Watch Now: Feature Video
Published : Nov 24, 2023, 2:27 PM IST
গুৱাহাটী, ২৪ নৱেম্বৰ : আজি লাচিত বৰফুকনৰ ৪০১ সংখ্যক জন্মবাৰ্ষিকী ৷ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ লাচিতক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লাচিত ঘাটতো ৪০১ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছে । লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।
এই অনুষ্ঠানত সাংসদ কুইন ওজা, মেয়ৰ মৃগেন শৰণীয়া, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে । বীৰ লাচিতৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয় । এই অনুষ্ঠানত উপস্থিত থাকি সাংসদ কুইন ওজাই কয়, ‘‘লাচিত বৰফুকনে নৰীয়া গাৰ কথা চিন্তা নকৰি, মোগলক পৰাস্ত কৰি অসমক ৰক্ষা কৰিছিল । নতুন প্ৰজন্মই লাচিত বৰফুকনৰ বিষয়ে জানিব লাগে ৷ লগতে আগন্তুক দিনত বীৰ লাচিত বৰফুকনৰ বিষয়ে গৱেষণা কৰিব লাগে’’ ।
লগতে পঢ়ক : আজিও অৱেহলিত অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি