KSA Foundation Day: কাৰ্বি ছাত্ৰ সন্থাৰ 63 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - KSA Foundation Day

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2022, 10:24 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

কাৰ্বি আংলঙত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি ছাত্ৰ সন্থা(KSA) ৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ ডিফুৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন শাখা কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো (KSA Foundation Day celebrated) ৷ ডিফু টাউন হলত আয়োজন কৰা কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে ৷ আনহাতে কাৰ্বি ছাত্ৰ সন্থাৰ ইংলংফʼ গোটৰ উদ্যোগত আয়োজন হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কঞ্চাচডিকমৰ সভাপতি অজিত তিমুং, কাৰ্বি ভাষা শিক্ষণ কেন্দ্ৰৰ সঞ্চালক লংছিং টেৰণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ মুখ্য কাৰ্যবাহী গৰাকীয়ে লগতে ছাত্ৰ সংগঠনটোৰ কাৰ্যালয় নিৰ্মাণৰ বাবে 1 কোটি টকা প্ৰদান কৰা হʼব বুলি উক্ত সভাত ঘোষণা কৰে ৷ এই অনুষ্ঠানত ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই স্বায়ত্বশাসিত ৰাজ্যৰ দাবী পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.