মূল্যবৃদ্ধি ৰোধৰ দাবীত KMSS ৰ অৱস্থান ধৰ্মঘট - টিংখাং বিধানসভা সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16280316-thumbnail-3x2-hj.jpg)
ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ বামুনবাৰী তিনিআলিত দেওবাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি লেঙেৰী আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে (KMSS Protest against price hike) ৷ লগতে গাঁৱে গাঁৱে ধান ক্রয় কেন্দ্র স্থাপন কৰা, ন্যূনতম নিৰিখত কেঁচা চাহপাতৰ মূল্য নির্ধাৰণ কৰা, চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ কেবিনেট সিদ্ধান্ত বাতিল কৰাৰ দাবীত এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS Protest at Bamunbari) ৷ এই প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে এই দাবী সমূহ সমাধান নকৰিলে তীব্ৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST