হোজাইৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Aug 20, 2022, 6:11 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
শনিবাৰে হোজাইৰ জিলা সদৰ শংকৰদেৱ নগৰৰ কাছাৰী মৈদানত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এক বিশেষ সভা ৷ এই সভাতে জিলাখনত বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক সৰ্বমুঠ ১২,১৩,৭৩,১০০ টকা প্ৰদান কৰা হয় ৷ সকলো হিতাধীকাৰীক নিজ নিজ একাউন্টত এই টকাখিনি ভৰাই দিয়া হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta distributes cheques to flood affected families in Hojai) ৷ আনকি ২০ আগষ্টৰ পৰা ২০ ছেপ্তেম্বৰলৈ চৰকাৰে অৰুণোদয় মাহ হিচাপে কৰা ঘোষণা সন্দৰ্ভতো মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, ৰাজ্যখনত নতুনকৈ ৬ লাখ অৰুণোদয় আৱন্টন কৰা হৈছে ৷ পূৰ্বতে ৰাজ্যখনত ১৯ লাখ আছিল আৰু এতিয়া ২৫ লাখ লোকক অৰুণোদয় প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে, হোজাইৰ সদৰ শংকৰদেৱ নগৰত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত থাকে হোজাইৰ জিলা উপায়ুক্ত, লামডিং আৰু হোজাই সমষ্টিৰ দুই বিধায়কৰ লগতে বহু ব্যক্তি ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.