যোৰহাটত কল্পনা পাটোৱাৰীৰ গীতত জীপাল নৱবৰ্ষৰ প্ৰথম নিশা
🎬 Watch Now: Feature Video
যোৰহাট,২ জানুৱাৰী: নৱবৰ্ষৰ প্ৰথম নিশাত গীতে-মাতে জীপাল যোৰহাট । জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠানে মুহিলে হাজাৰ হাজাৰ দৰ্শকক । যোৰহাটৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান নেপথ্যৰ ২৫ তম বৰ্ষপূৰ্তি উপলক্ষে ২০২৪ চনৰ প্ৰথম দিনটোত সকলোকে এক অনাবিল আনন্দ দিবলৈ যোৰহাট নগৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিৰ কাষত এক অস্থায়ী মঞ্চত আয়োজন কৰা হয় গীতে-মাতে গধূলি । নেপথ্যৰ আতিথ্যত অনুষ্ঠিত হোৱা গীতে-মাতে গধূলি অনুষ্ঠানটো জীপাল কৰি তোলে ভোজপুৰীৰাণী খ্যাত জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ।
মঞ্চৰ পৰাই সকলোকে ইংৰাজীৰ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি এটাৰ পিছত আন এটা গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰি তোলে কণ্ঠশিল্পীগৰাকীয়ে । জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হোৱা পৰিলক্ষিত হয় । শান্তি-শৃংখলা বৰ্তাই ৰাখি নৱবৰ্ষৰ প্ৰথমটো শীতৰ নিশাত অনুষ্ঠান উপভোগ কৰে উপস্থিত দৰ্শকে ।
লগতে পঢ়ক: নৱবৰ্ষৰ পহিলা দিনটোত অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ