thumbnail

By

Published : Jun 15, 2023, 10:44 PM IST

ETV Bharat / Videos

Self reliant woman: মাংসৰ আচাৰৰ ব্যৱসায়েৰে উপাৰ্জনমুখী উপাসনা

যোৰহাট, 15 জুন: অসমৰ খাদ্য ৰসিকসকলৰ বাবে সুখবৰ । কিয়নো এইবাৰ টীয়কত প্ৰস্তুত হৈছে বিভিন্ন মাংসৰ সুস্বাদু আচাৰ । এতিয়া প্ৰতিটো মুহূৰ্ততে নিজৰ প্ৰিয় মাংসৰ সোৱাদ ল'ব পাৰিব মাংস খাই ভালপোৱা সকলে । টীয়কৰ চাউদাংগাঁৱৰ উপাসনা ফুকন নামৰ এগৰাকী মহিলাই সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কুকুৰা আৰু গাহৰি মাংসৰ আচাৰ প্ৰস্তুত কৰি ইতিমধ্য সমাদৰ লাভ কৰিছে । 

বহুবাৰ চাকৰি বিচাৰি আবেদন কৰিও সফলতা নাপাই শেষত এইগৰাকী শিক্ষিতা অসমীয়া জীয়ৰীয়ে একাংশ বন্ধুবৰ্গ তথা পৰিয়ালৰ পৰামৰ্শ মতে এই ব্যৱসায় আৰম্ভ কৰিছে । প্ৰথম অৱস্থাত ঘৰুৱা আত্মীয়-কুটুম্বক মাংসৰ আচাৰ প্ৰস্তুত কৰি খুৱাইছিল উপাসনাই ৷ সকলোৱে উৎসাহ যোগোৱাৰ পাছতে লাহে লাহে দুই এক অৰ্ডাৰ লৈ বজাৰলৈ উলিয়াই দিছিল নিজৰ উৎপাদিত আচাৰ । বৰ্তমান বজাৰত যিহেতু ইয়াৰ চাহিদা বৃদ্ধি পাইছে, গতিকে এতিয়া নিতৌ 12 ৰ পৰা 15 কেজি পৰ্যন্ত মাংসৰ আচাৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে উপাসনা ।

উল্লেখযোগ্য যে, ভোট জলকীয়া, বাঁহ গাজ, আদা-নহৰুৰ লগতে খাটি সৰিয়হৰ তেলৰ মিশ্ৰণ কৰি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে অতিকৈ সুগন্ধি তথা সুস্বাদুকৈ প্ৰস্তুত কৰা এই আচাৰ প্ৰায় ছয়মাহ পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি বুলি উপাসনাই জনায় । 

লগতে পঢ়ক: NEET exam results 2023: সৰ্বভাৰতীয় NEET পৰীক্ষাত সাফল্য মণ্টু শইকীয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.