thumbnail

Hailstorm in Dibrugarh:নিশাই ডিব্ৰুগড়ত উপস্থিত হৈ ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ ল'লে মন্ত্ৰী যোগেন মহনে

By

Published : Mar 28, 2023, 1:39 PM IST

ডিব্ৰুগড়, 28 মাৰ্চ : সোমবাৰে হঠাতে অহা এজাক ধুমুহাই ধুই থৈ গ’ল ডিব্ৰুগড় চহৰ ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ পথত কেইবাটাও বিদ্যুৎ পৰিবাহী খুঁটাৰ লগতে উঘালি পৰিল ডাঙৰ ডাঙৰ বহুকেইজোপা গছ ৷ ব্যাহত হৈ পৰিল স্বাভাৱিক জীৱন যাত্ৰা ৷ এনে পৰিস্থিতিত নিশাই ডিব্ৰুগড়ত উপস্থিত হৈ বিধ্বংসী ধুমুহাৰ উলত হোৱা ক্ষয় ক্ষতিৰ বুজ ল'লে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে ৷

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে ডিব্ৰুগড়ত বিধ্বংসী বতাহ, শিল-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে ডিব্ৰুগড়ৰ বহু কেইটা অঞ্চল (hailstorm in Dibrugarh) । ধুমুহাৰ ফলত অনিষ্ট হ’ল বহুলোকৰ বাসগৃহ ।  ৰাজপথত উঘালি পৰিল বৃহৎ আকাৰৰ গছ । অসম চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখভাগৰ পথ নিশালৈকে বন্ধ হৈ থাকিল । পথৰ ওপৰত উভালি পৰিছিল বৃহৎ গছ, বিদ্যুত পৰিবাহী খুঁটা ।

জিলা প্ৰশাসন আৰু APDCL ৰ তৎপৰতাত ধুমুহাৰ ফলত বন্ধ হৈ পৰা পথসমূহত থকা গছ আৰু বিদ্যুতৰ খুঁটাসমূহ ৰাস্তাৰ ওপৰৰ পৰা আঁতৰাই যান- বাহন চলাচল কৰিব পৰাকৈ ওৰে নিশা চলিল যুদ্ধকালীন তৎপৰতা । প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছতে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন । ধুমুহাই তচ-নচ কৰা অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱা মূল পথ আৰু চৌহদৰ ক্ষতি হোৱা ঠাইসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে (Devastating storm in Dibrugarh) ।

লগতে অসম চিকিৎসা মহাবিদ্যালয়ত যাতে ৰোগীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিকিৎসালয়ৰ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । লগতে মংগলবাৰৰ সন্ধিয়া পৰ্যন্ত অসম চিকিৎসা মহাবিদ্যালয়ত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিবলৈ APDCL ক নিৰ্দেশ দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Hailstorm in upper Assam: উজনিত শিলাবৃষ্টিয়ে ব্যাঘাত জন্মাইছে স্বাভাৱিক জীৱন-যাত্ৰাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.