Titabar Police Station: আৰক্ষীক জনসাধাৰণক লগত লৈ কাম কৰিবলৈ আহ্বান জিৎমল দলেৰ - আৰক্ষী অধীক্ষক মোহন লাল মিনা
🎬 Watch Now: Feature Video
যোৰহাট, 15 জুন: জৰাৰ্জীণ গৃহৰপৰা অত্যাধুনিক ৰূপত প্ৰাণ পাই উঠিল তিতাবৰ আৰক্ষী থানা ৷ বুধবাৰে মুকলি কৰা হয় তিতাবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহ। পূব-মণ্ডল আৰক্ষী মহাপৰিৰ্দশক জিৎমল দলে আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহন লাল মিনায়ে মুকলি কৰে নৱনিৰ্মিত থানা গৃহটো (Titabar Police Station)।
এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তিতাবৰত মৈত্ৰী আঁচনিৰ অধীনত 1 কোটি 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তিতাবৰ মহকুমা নৱনিৰ্মাণ ভৱনটো অনুষ্ঠানিক উদ্ধোধন কৰা হয় । আৰক্ষী মহাপৰিৰ্দশক জিৎমল দলেই থানা গৃহটো উদ্বোধন কৰি জ্যেষ্ঠ নাগৰিকৰ লগতে বহু গণ্য মান্য ব্যক্তিৰ লগত আলোচনাত মিলিত হৈ জনসাধাৰণ আৰু আৰক্ষীৰ মাজত সম্পৰ্ক সুদৃঢ় হোৱাত গুৰুত্ব আৰোপ কৰে।
আনহাতে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা গৃহ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি পূব মণ্ডলৰ আৰক্ষী মহাপৰিৰ্দশক জিৎমল দলেই কয় যে আৰক্ষীয়ে আত্মকেন্দ্ৰিক হৈ কাম কৰিলে সফলতাৰ ঠাইত বিফলতাৰ ছবিখন দেখিবলৈ পোৱা যায়, সেয়েহে আৰক্ষীয়ে জনসাধাৰণক লগত লৈ কাম কৰিবলৈ আহ্বান জনায় ৷ যি সকল লোক অসচেতন সেইসকলক জাগ্ৰত কৰাৰ দায়িত্বও আৰক্ষীৰ।
লগতে পঢ়ক: Agricultural Review Meeting: AAU ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি পৰ্যালোচনা সভা