Krishna Janmashtami:ঢেকীয়াখোৱা বৰনামঘৰত জন্মাষ্টমী পালন - ঢেকীয়াখোৱা বৰনামঘৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-09-2023/640-480-19443112-thumbnail-16x9-hh-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 6, 2023, 7:13 PM IST
টীয়ক, ৬ ছেপ্টেম্বৰ:আজি কৃষ্ণ জন্মাষ্টমী । শিশু কৃষ্ণৰ গুণ-গৰিমা,বন্দনাৰে মুখৰিত চৌদিশ । ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰত উলহ-মালহেৰে উদযাপন কৰিছে কৃষ্ণ জন্মাষ্টমী । ঐতিহাসিক মহিমামণ্ডিত নৃহিংস মহাপ্ৰভুখ্যাত মইনাপৰীয়া নামঘৰতো উদযাপন কৰা হৈছে কৃষ্ণ জন্মাষ্টমী । পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ ভিৰ হৈছে ঐতিহাসিক মইনা পৰীয়া নামঘৰত ।
ইপিনে, আজি জন্মাষ্টমীৰ দিনা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত নাম প্ৰসংগৰ উপৰি খোল প্ৰসংগ কৰে । আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমত দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হাতে হাতে ধূপ নৈবদ্য লৈ এইদৰে নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে । এইদৰে ভাদমহীয়া পালনামৰ মাজতে এইসকল ভকত বৈষ্ণৱে সকলে এইদৰে জন্মাষ্টমী উদযাপন কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক:Misconduct With Airhostess : বিমান পৰিচাৰিকাক দুৰ্ব্যৱহাৰ; বিমানৰ পৰা নমাই দিলে কৈৱৰ্ত পৰিষদৰ নেতাক