Jal Diwali 2023: ৰাজ্যৰ 13 খন চহৰকে ধৰি মহানগৰীত জল দীপাৱলীৰ আয়োজন - পানীৰ অপব্যৱহাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:54 PM IST

গুৱাহাটী, 7 নৱেম্বৰ: মহানগৰীত জল দীপাৱলীৰ আয়োজন। প্ৰধানমন্ত্ৰীৰ অভিনৱ প্ৰয়াসৰ অন্তৰ্গত ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত জল দীপাৱলীৰ আয়োজন কৰা হৈছে। "জল দীৱালী- মহিলাৰ বাবে পানী, পানীৰ বাবে মহিলা" শ্লোগানেৰে আৰম্ভ হোৱা এই দীপাৱলীৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে ।

"দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান", অসমৰ উদ্যোগত 7 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকল আৰু জল সখীসকলক প্ৰশিক্ষণ দিয়া হয় । খাৰঘুলিৰ পানী যোগান প্ৰকল্পত আয়োজন কৰা জল দীপাৱলীত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে কয় যে আজিৰ পৰা আৰম্ভ হোৱা জল দীপাৱলী ৯ নৱেম্বৰত সামৰণি পৰিব । ৰাজ্যৰ 13 খন চহৰত আয়োজন কৰা হৈছে এই জল দীপাৱলী । 

এই তিনিদিনীয়া উৎসৱৰ পিচত অসমৰ প্ৰত্যেকখন জিলাতে পানীৰ প্ৰতি সজাগতাৰ সৃষ্টি হ'ব । এই উৎসৱৰ লক্ষ্য হৈছে, পানীৰ সংৰক্ষণ কৰা, পানীৰ অপব্যৱহাৰ বন্ধ কৰা । পানীক লৈ দেশজুৰি সজাগতা অভিযানৰ আৰম্ভ হৈছে । দেশৰ 550 খন চহৰত এই উৎসৱ চলি আছে ৷

লগতে পঢ়ক: Fire in Barbari area: শ্বৰ্ট চাৰ্কিট নোহোৱাকৈয়ে পাচলি বজাৰত কেনেকৈ লাগিল জুই ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.