Rangali Utsav 2022 at Tingkhong: সাংস্কৃতিক মন্ত্ৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ টিংখঙত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰঙালী উৎসৱ ২০২২ (Rangali Utsav 2022 at Tingkhong) । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত, টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে ৰঙালী উৎসৱ-২০২২ ৰ । পৰম্পৰাগত খেল অনুষ্ঠিত হোৱাৰ লগতে অসমীয়া পৰম্পৰাগত হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰদৰ্শনী, অসমীয়া থলুৱা খাদ্য সম্ভাৰ, মুখা বনোৱা আৰু চিত্ৰকলাৰ কৰ্মশালা অনুষ্ঠিত হৈছে । সমগ্ৰ অনুষ্ঠান তদাৰক কৰিছে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই । Etv Bharat ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয়, বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্দেশ্যে অনুষ্ঠি হৈছে এই ৰঙালী উৎসৱ (Interview with minister Bimal Bora)।
Last Updated : Feb 3, 2023, 8:22 PM IST