thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:31 PM IST

ETV Bharat / Videos

Indrani Tahbildar Death: ইন্দ্ৰাণী আত্মহননৰ তদন্তৰ নেতৃত্ব দিয়া অক্ষত গাৰ্গক হঠাৎ বদলি

গুৱাহাটী, ২৩ আগষ্ট : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ তদন্তৰ গতি যিমানে ক্ষীপ্ৰ হৈছে সিমানেই চৰকাৰৰ নিকা নিযুক্তিক লৈ ৰাইজৰ সন্দেহ হৈছে । ক্ষীপ্ৰগতিত হোৱা আত্মহত্যাৰ তদন্তৰ তদাৰক মধ্য গুৱাহাটীৰ ডি চি পি অক্ষত গাৰ্গক মঙলবাৰে বদলি কৰে গৃহ বিভাগে ।

আই পি এছ বিষয়াগৰাকীক পূৱ গুৱাহাটীৰ ডি চি পি হিচাবে বদলি কৰে । অভিযোগ উত্থাপন হৈছে যে চৰকাৰে কৌশলেৰে বদলি কৰি ইন্দ্ৰানী তহবিলদাৰ গোচৰৰ তদন্তৰ পৰা আঁতৰাই দিলে অক্ষত গাৰ্গক । গাৰ্গৰ ঠাইত নিযুক্তি দিয়ে শিৱসাগৰ জিলাৰ গেলেকীৰ চতুৰ্থ অসম কমাণ্ডো বেটেলিয়নৰ অধিনায়ক অমিতাভ বসুমতাৰীক । এতিয়াৰ পৰা মধ্যগুৱাহাটীৰ ডি চি পি হিচাবে অমিতাভ বসুমতাৰীয়ে দায়িত্ব গ্ৰহণ কৰিব ।

ইপিনে পূব গুৱাহাটীৰ ডি চি পি সুৰজিৎ সিং পানেছাৰক শিৱসাগৰৰ চতুৰ্থ অসম কমাণ্ডো বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।

লগতে পঢ়ক : Indrani Tahbildar Death: বিজেপি নেতা মৃগাংক বৰ্মন আৰু প্ৰণৱজ্যোতি লহকৰক চান্দমাৰী আৰক্ষীৰ তলব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.