Cheating with wife: ৰাইহানৰ বিয়াত অথন্তৰ; ৰভাতলীত সন্তানসহ উপস্থিত প্ৰথমা পত্নী

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 11:28 AM IST

thumbnail

জনীয়া, 25 আগষ্ট : এখন বিয়া ৷ ধুমধামেৰে বাজিছে গান-বাজনা ৷ নচাই নাচিছে, ৰান্ধাই ৰান্ধিছে, মুঠতে সকলো ব্যস্ত ৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল ৷ নিদ্দিৰ্ষ্ট সময়ত আহিল বঙাইগাঁও জিলাৰ অভায়াপুৰী থানাৰ অন্তৰ্গত চাকলা দ্বিতীয় খণ্ড গাঁৱৰ দৰা দেলুৱাৰ খানৰ পুত্ৰ ৰাইহান খান ৷

সমাজৰ বৰমুৰীয়াসকলক সাক্ষী কৰি 23 আগষ্টৰ দিনা ৰাইহান খানৰ সৈতে বিয়াত বহিল বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানপুৰ গাঁৱৰ এগৰাকী যুৱতী ৷ কিমান যে আনন্দ যুৱতীগৰাকীৰ ৷ ন জীৱনৰ মেলিছে পাতনি ৷ কিন্তু হঠাৎ বিয়া ঘৰত লাগিল হুলস্থূল ৷ কিয়নো বিনা নিমন্ত্ৰণত দুই সন্তানসহ বিয়াঘৰত উপস্থিত হ’ল এগৰাকী মহিলা ৷

মহিলাগৰাকীৰ চিঞৰ-বাখৰত তল পৰিল বিয়া ঘৰৰ হাই-উৰুমি ৷ জানিব পৰা মতে, সন্তানসহ বিয়াঘৰত উপস্থিত হোৱা মহিলাগৰাকী হৈছে দৰা ৰাইহান খানৰ প্ৰথমা পত্নী ৷ ৰাইহান খানৰ প্ৰথমা পত্নী আৰু সন্তানক দেখি হতবাক হৈ পৰে কইনাৰ সাজত বহি থকা চানপুৰ গাঁৱৰ যুৱতীগৰাকী ৷

পৰৱৰ্তী সময়ত ৰাইজৰ আগত ৰাইহান খানে স্বীকাৰ কৰে পূৰ্বৰ বিবাহৰ কথা ৷ প্ৰায় 4 বছৰৰ পূৰ্বই আইনী পদ্ধতিৰে বিবাহ পাশত আবদ্ধ হৈছিল ৰাইহান ৷ প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈয়ে ৰাইহান খানে সামাজিক নিয়ম অনুসৰি দ্বিতীয় বিবাহ কৰায় ৷ ঘটনাটো পোহৰলৈ অহাত খবৰ দিয়া হয় আৰক্ষীক ৷ তাৰ পাচতে বৰপেটাৰ বালিকুৰি আৰক্ষীয়ে আটক কৰে ৰাইহান খানক ৷

লগতে পঢ়ক: Businessman attacked in Nagaon: নগাঁৱত ব্যৱসায়ীক ছুৰীকাঘাত দুৰ্বৃত্তৰ; কেমেৰাত বন্দী আক্ৰমণৰ দৃশ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.