Dhemaji Murder Case: পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আত্মহত্যা স্বামীৰ

By

Published : Aug 1, 2023, 3:07 PM IST

thumbnail

ধেমাজি,1 আগষ্ট:  ধেমাজি বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত ভকত কৈৱৰ্ত গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ জানিব পৰা মতে সোমবাৰে নিশা ৰিপুঞ্জিত দাস নামৰ ব্যক্তিজনে পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত গুৰুতৰ ভাবে আহত হৈ চুম দাস নামৰ মহিলা গৰাকী ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আহত চুম দাসক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷

নিহত মহিলা গৰাকী গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে ৷  আনহাতে পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিজেও আত্মহত্যা কৰে ৰিপুঞ্জিত দাসে ৷  কি কাৰণে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংগঠিত হ’ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ কিন্তু স্থানীয় ৰাইজৰ সন্দেহ কৰা অনুসৰি, পাৰিবাৰিক কন্দলৰ বাবে প্ৰথমে বাক-বিতণ্ডা হৈছিল, সেই বাক-বিতণ্ডাই ভয়ংকৰ ৰূপ ললে ৷  
লগতে পঢ়ক:Thief terror at Jonai : জোনাইত চোতালৰ পৰাই চোৰে নিলে বুলেট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.