Morigaon tragedy : শোকাৱহ! প্ৰায় 6 ঘন্টাৰ ব্যৱধানত মৃত্যু হ’ল পতি-পত্নীৰ

By

Published : May 20, 2023, 9:29 PM IST

thumbnail

মৰিগাঁও, 20 মে’ : মৰিগাঁৱৰ পাৰজাৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ পাৰজাৰিত একেদিনাই মৃত্যু হ’ল পতি-পত্নীৰ । জানিব পৰা মতে, প্ৰফুল্ল দেউৰী নামৰ 34 বছৰীয়া ব্যক্তিজনৰ মৃত্যু হোৱাৰ প্ৰায় 6 ঘণ্টাৰ ব্যৱধানত মৃত্যু হয় তেখেতৰ 50 বছৰীয়া পত্নী মুলেশ্বৰী দেউৰীৰ । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, প্ৰফুল্ল দেউৰী নামৰ ব্যক্তিজন দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৷

অইন দিনাৰ দৰে মুলেশ্বৰী দেউৰী শনিবাৰে পুৱা নিত্য-নৈমিতিক কাম কাজ কৰি আছিল ৷ তেনেতে মুলেশ্বৰী দেউৰীৰ হঠাৎ মূৰ ঘূৰাই অসুস্থ হৈ পৰে ৷ তাৰ পাচতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । পত্নী হাস্পতালত থকা গম পাই হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় প্ৰফুল্ল দেউৰীৰৰ (Morigaon tragedy) ৷

প্ৰফুল্ল দেউৰীৰ মৃত্যুৰ প্ৰায় 6 ঘন্টাৰ পাচতে হাস্পতালত মৃত্যু হয় তেওঁৰ পত্নী মুলেশ্বৰী দেউৰীৰ (husband and wife died on same day in Morigaon)। আৰ্থিকভাৱে দুৰ্বল প্ৰফুল্ল দেউৰীৰ এই পৰিয়ালটোত এতিয়া শোকত ভাগি পৰিছে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ ।

লগতে পঢ়ক : Sherman Ali controversy: শ্বেৰমান আলীক তুলাধুনা কৃষক সভাৰ ৰাজ্যিক সভাপতিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.