Lampi Dease: লাম্পি ৰোগৰ ভয়াবহ সংক্ৰমণ, গো-পালকৰ হাহাকাৰ - বঙাইগাঁও জিলা পশু বিভাগ
🎬 Watch Now: Feature Video
মানিকপুৰ, 24 জুন : ৰাজ্যজুৰি লাম্পি ৰোগে ভয়াবহ ৰূপ লৈছে ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ ভাণ্ডাৰা, বালাৰপেটত গো পালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । অঞ্চলকেইটাৰ শতাধিক পশুধন লাম্পি ৰোগত আক্ৰান্ত হৈছে । ইতিমধ্যে লাম্পি ৰোগত আক্ৰান্ত হৈ প্ৰায় 25 টা পশুধন মৃত্যুৰ মুখত পৰিছে ৷ আই নৈৰ বানৰ পিচতে গাঁও দুখনত পশুধনৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিয়াত চিন্তিত হৈ পৰিছে গো পালকসকল।
এইক্ষেত্ৰত বঙাইগাঁও জিলা পশু বিভাগে কোনো খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে গো-পালকসকলে ৷ স্থানীয় লোকে জনোৱা অনুসৰি গাঁও দুখনৰ প্ৰায় ৯০ শতাংশ লোকে গো-পালন আৰু খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে ৷ সেয়েহে অতি শীঘ্ৰেই গাঁও দুখনত পশু বিভাগে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি ৰোগত আক্ৰান্ত পশুধনবোৰৰ চিকিৎসা কৰিবলৈ গো-পালক সকলে দাবী জনাইছে ৷
লগতে পঢ়ক: Deadbody recovered: গেলাবিল নদীত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ