Liquor seized at Kakopathar :কাকপথাৰত বৃহৎ পৰিমাণৰ সুৰাসহ দুই যুৱক আৰক্ষীৰ জালত

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:50 PM IST

thumbnail

তিনিচুকীয়া, 19 ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ এক গোপন সূত্ৰৰ খবৰ ভিত্তিত আৰক্ষীয়ে এখন বিলাসী বাহনসহ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰে ৷ জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ পৰা AS23 S5460 নম্বৰৰ এখন বিলাসী বাহনেৰে সুৰাখিনি অসমলৈ আনি আছিল দুই যুৱকে । সেই সময়তে কাকপথাৰৰ গন্ধৈগুৰি হাঁহখাটীত অভিযান চলাই কাকপথাৰ আৰক্ষীয়ে ৷

অভিযানতে দুই যুৱকসহ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাখিনি জব্দ কৰে আৰক্ষীয়ে ৷ আটকাধীন দুই যুৱক মেগেলা গাঁৱৰ ডিম্ব সোণোৱাল আৰু ঋতুৰাজ সোণোৱাল বুলি জানিব পৰা গৈছে ৷ কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷ ইতিমধ্যে আটকাধীন দুই সুৰা সৰবৰাহকাৰীক কাকপথাৰ আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:SMSS slams Assam govt: পঞ্চায়ত নিৰ্বাচনত ৰাইজে চৰকাৰক প্ৰত্যুত্তৰ দিব; ছাত্ৰ মুক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.