Drugs seized : খটখটীত জব্দ ১ কেজি ৪১ গ্ৰাম ড্ৰাগছ - Two drugs peddler arrested in Karbi Anglong

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 23, 2023, 4:41 PM IST

ডিফু, ২৩ মে': কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized in Karbi Anglong) ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মঙলবাৰে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত জনকপুখুৰী এলেকাত এক অভিযান চলাই (Police raid against drugs)। য'ত উদ্ধাৰ হয় প্ৰায় ৮৫ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ ।

জব্দ হোৱা ড্ৰাগছখিনিৰ পৰিমাণ ১ কেজি ৪১ গ্ৰাম বুলি জানিব পৰা গৈছে যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 6 কোটি । ইফালে ড্ৰাগছখিনি সৰবৰাহ কৰা দুগৰাকী লোককো আৰক্ষীয়ে আটক কৰিছে (Two drugs peddler arrested in Karbi Anglong)। মণিপুৰৰ সেনাপতি জিলাৰ এগৰাকী মহিলা আৰু খটখটী থানা এলেকাৰ বালিজান ইউনাইটেড ভিলেজৰ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেলো জব্দ কৰিছে ৷ উল্লেখ্য যে, ধৃত মহিলা সৰবৰাহকাৰীগৰাকী আন্তঃৰাজ্যিক ড্ৰাগছ মাফিয়া চক্ৰৰে জড়িত বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

লগতে পঢ়ক :Crime in Mangaldoi:মঙলদৈত আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.